ফাগুনৰ এটি অনুভৱ :: নটৰাজ দাস
প্ৰকৃতিৰ লগত মানুহৰ মনৰ অনুভৱ-অনুভুতিৰ নিবিড় সম্পর্ক আছে বুলি সকলোৱে স্বীকাৰ কৰে৷ তাৰ ভিতৰত শৰত আৰু বসন্ত, বর্ষা এই তিনিটি ঋতুৰ মানুহৰ ওপৰত প্ৰভাব বোধ হয় সর্বাধিক৷এয়া মোৰ ব্যক্তিগত অনুভৱহে৷শীতৰ শেষত বসন্তৰ আগমনৰ প্ৰাকক্ষণত ফাগুন মাহ পৰে৷ শুকান পৰিবেশ, লঠঙা বিৰিখৰ ডাল, চঞ্চল পছোৱাৰ সতে উৰি ফুৰা শুকান পাতবোৰে মনত এক প্ৰকাশ কৰিব নোৱৰা অস্থিৰ অৱস্থাৰ সৃষ্টি কৰে৷ পৃথিৱী যেন শুই থাকে নিৰলে নিশব্দে৷ বহুতৰ মাজত থাকিলেও ক'ৰবাৰ পৰা উটি অহা অকলশৰীয়া ভাৱ এটাই মনটোক অশান্ত কৰি তোলে৷ একাকীত্বই যিসকলৰ জীৱন দুর্বিসহ কৰি তুলিছে, যিজন প্ৰিয়জনৰ সংগৰ পৰা বঞ্চিত হৈছে সেইজনক ফাগুনৰ পছোৱাই বাৰুকৈয়ে কন্দুৱায়৷ কবি, গীতিকাৰ সকলে বিভিন্ন ধৰণে এই বিৰহ বেদনাক প্ৰকাশ কৰিছে৷ বিৰহ বেদনাৰ প্ৰকাশ বহুতো আধুনিক গীত আৰু কবিতাত আছে যদিও এইটো প্ৰয়োজনীয় নহয় যে সেই ৰচনাসমূহে মাথোঁ প্ৰেমিক-প্ৰেমিকাৰ সাধাৰণ স্তৰৰ বিৰহ বেদনাকে প্ৰকাশ কৰিব৷ মহাপুৰুষ মাধৱদেৱ বিৰচিত "আলো মঞি কি কহবো দুখ, পৰাণ নিগৰে না দেখিয়া চান্দমুখ" প্ৰিয়জনৰ বিয়োগত ম্ৰিয়মান হৈ বিৰহ বেদনা প্ৰকাশ কৰা এটি অতীব সুন্দৰ বৰগীত৷ পার্থিব সকলো সুখ ত্যাগ কৰি গুৰুজন শ্ৰীমন্তশংকৰদেৱৰ চৰণসেৱাতে জীৱন অতিবাহিত কৰিবলৈ সংকল্প লোৱা মাধৱদেৱে শ্ৰীমন্তশংকৰদেৱৰ মহাপ্ৰয়াণৰ বাতৰিত শোকদগ্ধহৈ এই বৰগীতটো ৰচনা কৰিছিল৷ ভাল লগা বস্তুবোৰো প্ৰিয়জনৰ অবর্তমানত কেনেদৰে দুখ-শোক উদ্ৰেককাৰী হৈ উঠে তাক অতি সুন্দৰ, মর্মস্পর্শী ভাষাৰে সাৱলীলভাৱে এনেদৰে বর্ণনা কৰা হৈছে-
"দিৱস নযায় সুখে নযায় ৰজনী৷
"চান্দ চন্দন মন্দ পৱন বৈৰিণী৷৷"
কথাতে কয়- দুখৰ ৰাতি নাযায়, নুপুৱায়৷ তেনেদৰে মৃদু ভাৱে বৈ থকা মলয়া বতাহখিনিয়েও গা জুৰোৱাৰ পৰিবর্তে শত্ৰুহে হৈ উঠে৷ অনুভৱ কৰোঁ আহকচোন প্ৰিয়জনক হেৰুৱাই নিসংগভাৱে সময় কটোৱা এজন ব্যক্তিৰ বাবে ফাগুনৰ বতাহজাক কিমান অসহনীয় হয়৷ বিৰহ বেদনাক মহাপুৰু্ষ মাধৱদেৱে এনেদৰে প্ৰকাশ কৰিছে-
"শ্যাম বন্ধু বিনে জীৱনৰ কিবা কাজ৷
বিৰহ অনল জ্বলে হৃদয়ৰ মাজ৷৷"
ফাগুনে যদিও মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে গধুৰ কৰে, কোনোবা চঞ্চল হয় ফাগুনৰ উতলা বা লাগি তথাপি ফাগুনৰ বুকুতে লুকাই থাকে নতুন জীৱনৰ বতৰা, বহাগৰ বতৰা, বসন্তৰ আগমনৰ বতৰা৷আহক এবাৰ গুণগুণাই চাও সবিতা চৌধুৰীৰ কণ্ঠৰ (সংগীত- সলিল চৌধুৰী) সেই গীতটো -
ফাগুন তোমাক জনালোঁ নিমন্ত্ৰণ
তুমি আহিবা আৰু আনিবা
অনেক তোমাৰ ৰঙ......
"ফাগুন তুমি সেউজী সপোন আহিবা একোঁচ লৈ,
পাত সৰি যোৱা গছৰ বুকুত যাবাচোন নীৰৱে থৈ...৷"
**********************************************

No comments:
Post a Comment
Note: only a member of this blog may post a comment.